পাকিস্তানে সকলো বৈধ আফগান প্ৰব্ৰজনকাৰীক ৩১ মাৰ্চৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। আফগানিস্তানৰ শৰণাৰ্থী আৰু প্ৰত্যর্পন মন্ধ্যালয়ে পাকিস্তান চৰকাৰক আফগান নাগৰিকসকলক বিতাৰণ কৰাৰ প্ৰক্ৰিয়া মন্থৰ কৰিবলৈ আহ্বান জনোৱাৰ এদিন পাছতে পাকিস্তানে এই নির্দেশ জাৰি কৰিছে। নির্দেশ অনুসৰি আফগান নাগৰিক কাৰ্ড থকা লোকসকলক পৰৱৰ্তী তিনি সপ্তাহৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ কোৱা হৈছে। নির্দেশটোত পহিলা এপ্ৰিলৰ পৰা বৈধ প্ৰৱনকাৰীসকলক বিতাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি উল্লেখ কৰা হৈছে। পাকিস্তানৰ সংবাদ মাধ্যমে প্রকাশ কৰা মতে এই নির্দেশৰ ফলত দেশখনত বাস কৰা প্ৰায় ৯ লাখ আফগান প্ৰব্ৰজনকাৰী প্রভাৱিত হয়।
Assamese | March 8, 2025 7:58 PM | Pakisthan
পাকিস্তানে সকলো বৈধ আফগান প্ৰব্ৰজনকাৰীক ৩১ মাৰ্চৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ