পাকিস্তানৰ এখন আদালতে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ অভিযোগৰ পৰা দোষমুক্ত বুলি ঘোষণা কৰিছে। ফেব্ৰুৱাৰীত পাকিস্তানৰ নিৰ্বাচনৰ কিছুদিন পূর্বে শ্ৰী খান আৰু তেওঁৰ পত্নী বুছৰা খানক অবৈধ বিবাহৰ অভিযোগত সাত বছৰ কাৰাদণ্ড বিহিছিল। সেই সময়ত আদালতে বুছৰা খানে পূৰ্বৰ বিবাহৰ পৰা বিবাহ বিচ্ছেদ আৰু ইমৰান খানৰ সৈতে বিবাহৰ মাজত আৱশ্যকীয় ব্যৱধানৰ নিয়ম পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে ইছলামীয় আইন অনুসৰি দোষী সাবস্ত কৰিছে। অৱশ্যে এই সপ্তাহত এখন আদালতে ২০২৩ চনত মে’ত নিজৰ সমৰ্থকৰ দ্বাৰা সংঘৰ্ষত উচতনি যুগুৱাৰ অভিযোগত জামিন প্রত্যাহাৰ কৰাৰ পাছৰে পৰা শ্ৰী খান কাৰাবন্দী হৈ আছে। তেওঁৰ পত্নী বুছৰাও কাৰাবন্দী হৈ আছে আৰু তেওঁক কেতিয়ালৈকে মুকলি কৰি দিয়া হ’ব সেইটো এতিয়াও স্পষ্ট হোৱা নাই।
Assamese | July 13, 2024 8:55 PM | Pakistan court acquits former PM Imran Khan | wife in unlawful marriage case
পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ অভিযোগৰ পৰা দোষমুক্ত ঘোষণা