দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে আজি কুৱালালামপুৰৰ একজিয়াটা এবেনা ষ্টেডিয়ামত অনুষ্ঠিত মালয়েছিয়া অপেন বেডমিন্টন প্রতিযোগিতা ২০২৬ত অংশগ্ৰহণ কৰিব। মহিলাৰ একক শাখাত মালবিকা মানচোৰ আৰু উন্নতি হুদায়ে ভাগ ল’ব। ইপিনে পুৰুষৰ একক শাখাত লক্ষ্য সেন আৰু আয়ুষ ছেট্টীয়ে ভাগ লোৱাৰ লগতে পুৰুষৰ ডাবলছ শাখাত ছিৰাগ ছেটী আৰু সত্বিক ছাইৰাজ ৰণকীৰেষ্ট্ৰীয়ে ভাৰতৰ হৈ অংশগ্ৰহণ কৰিব। মহিলাৰ ডাবলছ শাখাত তৃষা জল্লী আৰু গায়ত্রী গোপীচান্দ প্রতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব।
Assamese | January 6, 2026 12:24 PM | P V Sindhu
মালয়েছিয়া অপেন বেডমিন্টন প্রতিযোগিতা ২০২৬ত পি ভি সিন্ধুৰ অংশগ্ৰহণ