December 17, 2024 7:58 PM | One Nation One Election

printer

লোকসভাত আজি এখন ৰাষ্ট্ৰ, এটা নির্বাচন বিষয়ক বিধেয়ক উত্থাপন

এখন ৰাষ্ট্র-এটা নির্বাচন ব্যৱস্থা সম্পৰ্কীয় বিধেয়ক দুখন আজি লোকসভাত উত্থাপন কৰা হয়। আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধানৰ ১২৯ সংখ্যক সংশোধনী বিধেয়ক-২০২৪ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল বিধি- ২০২৪ সদনত উত্থাপন কৰাৰ সময়ত বিৰোধী পক্ষৰ সাংসদসকলে ভোট বিভাজনৰ দাবী উত্থাপন কৰে। ২৬৯ গৰাকী সদস্যই বিধেয়ক দুখনৰ উত্থাপনৰ সপক্ষে আৰু ১৯৮ গৰাকী সদস্যই বিপক্ষে ভোটদান কৰে। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টী, ডি এম কে, শিৱসেনাৰ উদ্ধৱ থাকৰে গোট, চি পি আই এম আৰু অন্য দলসমূহে বিধেয়ক দুখন উত্থাপনৰ বিৰোধিতা কৰি ইয়াক সংবিধানৰ বুনিয়াদী পৰিকাঠামোৰ ওপৰত হোৱা আক্ৰমণ বুলি অভিহিত কৰে। তেওঁলোকে বিধেয়ক দুখন চালি-জাৰি চোৱাৰ বাবে যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায়। সাংসদ গৌৰৱ গগৈয়ে সংবিধানৰ ১২৯ সংখ্যক সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয়শাসিত অঞ্চল সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি কয়, যে এই বিধেয়ক দুখনে সংবিধানত উল্লেখিত নীতিসমূহ উলংঘা কৰিছে।

আইন মন্ত্ৰী শ্ৰীমেঘৱালে বিৰোধী দলসমূহৰ অভিযোগ প্রত্যাখ্যান কৰি কয়, যে বিধেয়ক দুখন সংবিধানৰ বুনিয়াদী পৰিকাঠামোৰ পৰিপন্থী নহয়। তেওঁ বিধেয়ক দুখন যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণৰ প্ৰস্তাৱ আগবঢ়ায়। দেশৰ প্ৰথমগৰাকী আইন মন্ত্ৰী ডº ভীমৰাও আম্বেদকাৰৰ বিবৃতিৰ উদ্ধৃতিৰে শ্ৰীমেঘৱালে কয়, যে কোনেও সংবিধানৰ মৌলিক গাঁথনি সলনি কৰিব নোৱাৰে। এখন-ৰাষ্ট্র-এটা নিৰ্বাচনৰ অৱধাৰণাৰ অন্বেষণ কৰাৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ্ৰৰ নেতৃত্বত গঠন কৰা উচ্চ পৰ্য্যায়ৰ কমিটিখনৰ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে কমিটিখনে বিষয়টো সন্দৰ্ভত ৰাজনৈতিক দল আৰু বিশেষজ্ঞকে ধৰি সংশ্লিষ্ট পক্ষসমূহৰ সৈতে বিশদভাৱে আলোচনা কৰিছে ।