গৃহ মন্ত্ৰ্যালয়ৰ ৰাজভাষা বিভাগৰ উদ্যোগত আজি গুৱাহাটীত পূব আৰু উত্তৰ-পূব ক্ষেত্ৰৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰণী সমাৰোহৰ আয়োজন কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ এয়া হৈছে তৃতীয়খন এনেধৰণৰ সন্মিলন। সন্মিলনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্রী নিত্যানন্দ ৰায়, বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া আৰু সাংসদ বিজুলী কলিতা মেধি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত বাজভাষা বিভাগৰ সচিবকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশ ল‘ব। সন্মিলনত বিভিন্ন চৰকাৰী কাৰ্যালয়, বেংক তথা অন্যান্য প্রতিষ্ঠানসমূহত চৰকাৰী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত কৰা উল্লেখনীয় কামৰ বাবে ৪৮ গৰাকী লোকক বঁটা প্ৰদান কৰা হ‘ব।
Assamese | March 5, 2025 12:02 PM | official language
গৃহ মন্ত্ৰ্যালয়ৰ ৰাজভাষা বিভাগৰ উদ্যোগত আজি ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰণী সমাৰোহ