বিজেপিৰ জ্যেষ্ঠ নেতা মোহন চৰণ মাঝিক ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰা হৈছে। শ্ৰীমাঝিয়ে আজি বিয়লি ভূৱনেশ্বৰৰ জনতা ময়দানত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় মন্ত্রী জুৱেল ওৰাম, অশ্বিনী বৈষ্ণৱ আৰু বিজেপি শাসিত ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰীয়ে শপত গ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বিজেপিৰ বিধায়িনী দলে কালি ৫২ বছৰীয়া মাঝিক সৰ্বসম্মতিক্রমে নেতা হিচাপে বাছনি কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু ভূপেন্দ্ৰ যাদৱ বিধায়িনী দলৰ বৈঠকত কেন্দ্ৰীয় পর্যবেক্ষক হিচাপে উপস্থিত থাকে। মোহন চৰণ মাঝি ক্যোনঝৰ সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছে। তেওঁ ২০০০, ২০০৪, ২০১৯ আৰু ২০২৪ চনত সমষ্টিটোৰ পৰা নিৰ্বাচনত জয়ী হৈছে। বিজেপিয়ে লগতে দলৰ জ্যেষ্ঠ নেতা কনক বৰ্দ্ধন সিংদেও আৰু প্ৰভাতি পাৰিদাক উপ-মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰিছে।
Assamese | June 12, 2024 12:33 PM | BJP CM | Mohan Charan Majhi | Odisha | Political
মোহন চৰণ মাঝিক ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বাছনি