ওড়িশাৰ ঝাৰচুগুড়া জিলাৰ লখনপুৰৰ সমীপৰ মহানদীত কালি বিয়লি এটা নাও দুৰ্ঘটনাত কমেও দুজন লোকে প্ৰাণ হেৰুৱাইছে। মহিলা আৰু শিশুকে ধৰি ছগৰাকী লোক এতিয়াও সন্ধানহীন হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। সন্ধানহীন লোককেইজনক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। প্ৰতিবেদন অনুসৰি নাওখনে চুবুৰীয়া ৰাজ্য ছত্তিশগড়ৰ ৫০গৰাকী যাত্রী কঢ়িয়াই নিছিল। ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়লৈ ৪ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে।
Assamese | April 20, 2024 12:26 PM | Odisha Accident
ওড়িশাৰ ঝাৰচুগুড়া জিলাৰ লখনপুৰৰ সমীপৰ মহানদীত নাও দুৰ্ঘটনা, দুজনৰ প্ৰাণহানি