June 30, 2025 12:24 PM | North east railway

printer

কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’লৰ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাৰা সামান্য বৃদ্ধি

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনস্থ দুলীয়াজান-ডিব্ৰুগড় খণ্ডৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইবাখনো দূৰণিবতীয়া ৰে’লগাড়ী সম্পূৰ্ণকৈ বৈদ্যুতিক ইঞ্জিনেৰে চলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেই অনুসৰি ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল কৰা ১২৪২৪ আৰু ১২৪২৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছ, গুৱাহাটী আৰু হাওৰাৰ মাজত মাজত চলাচল কৰা শৰাইঘাট এক্সপ্ৰেছ, ৰাজেন্দ্ৰ নগৰ আৰু কামাখ্যাৰ মাজৰ কেপিটেল এক্সপ্ৰেছ, শিলঘাট আৰু কলকাতাৰ মাজৰ সাপ্তাহিক কাজিৰঙা এক্সপ্ৰেছ ৰে’লগাড়ীকেইখনৰ সম্পূৰ্ণ যাত্ৰা পথত বৈদ্যুতিক ইঞ্জিন ব্যৱহাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পর্যায়ক্রমে আন কেইবাখনো ৰে’লগাড়ীও সম্পূৰ্ণৰূপে বৈদ্যুতিক ইঞ্জিনেৰে চলোৱা হ’ব বুলি ৰে’ল বিভাগৰ সূত্ৰই জনাইছে। ইয়াৰ ফলত ডিজেলৰ বাবদ ব্যয় হোৱা বৃহৎ পৰিমাণৰ ধন ৰাহি হোৱাৰ লগতে বায়ু প্রদূষণো বহুখিনি নিয়ন্ত্রিত হ’ব বুলি আশা কৰা হৈছে।

আনহাতে, কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’লৰ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাৰা সামান্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ক’ভিড মহামাৰীৰ পাছত ভাৰতীয় ৰে’লৱেই প্ৰথমবাৰৰ বাবে যাত্ৰী ভাৰা বৃদ্ধিৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি এক্সপ্ৰেছ আৰু মেইল গাড়ীৰ ক্ষেত্ৰত শিপাৰ শ্ৰেণীৰ ভাৰা প্ৰতি কিলোমিটাৰত ১ পইচাকৈ আৰু শীতোতাপ নিয়ন্ত্ৰিত শ্ৰেণীৰ ক্ষেত্ৰত প্ৰতি কিলোমিটাৰত ২ পইচাকৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে ৫০০ কিলোমিটাৰ তলৰ দূৰত্বৰ সাধাৰণ শ্ৰেণীৰ আৰু উপ-মহানগৰীয় ৰে’ল ভাৰাৰ ক্ষেত্ৰত এই বৃদ্ধি প্ৰযোজ্য নহ’ব।

ইপিনে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই কালি বদৰপুৰ-লামডিং ৰে’লপথৰ জাতিংগা-লামপুৰ-নিউ হাফলং অংশত ৰে’ল চলাচল পুনৰ আংশিকভাৱে আৰম্ভ কৰিছে। উল্লেখযোগ্য যে জাতিংগা-লামপুৰ অঞ্চলত ভূমিস্খলনৰ ফলত বদৰপুৰ-লামডিং ৰে’লপথেৰে যাত্ৰা যোৱা ছদিন ধৰি ব্যাহত হৈ আছিল।
       কালিৰ দিনটোত দুখন বা তিনিখন ৰে’ল চলাচল কৰোৱা হয় যদিও অধিকাংশ ৰে’লৰ যাত্ৰা এতিয়াও সুৰক্ষাজনিত কাৰণত বন্ধ ৰখা হৈছে।