ফেশ্বন টেকন’লজিৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, NIFT-য়ে ফেশ্বন ডিজাইন, ব্যৱস্থাপনা আৰু প্ৰযুক্তিৰ বিভিন্ন স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে ২০২৬-২৭ বৰ্ষৰ আবেদন পত্র দাখিলৰ অন্তিম দিন চলিত মাহৰ ১৩ তাৰিখলৈ বৃদ্ধি কৰিছে। বস্ত্ৰ মন্ত্ৰালয়ে জনোৱা মতে, হ্ৰাস কৰা মাচুলৰ সুবিধা সর্বাধিক প্রার্থীয়ে যাতে লাভ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা বৃদ্ধি কৰা হৈছে। যোৱা মাহত মন্ত্রালয়ে মুকলি, অ’বিচি (NCL) আৰু মুকলি- EWS শাখাৰ প্ৰাৰ্থীৰ বাবে ৩ হাজাৰৰ টকাৰ পৰা ২ হাজাৰ টকা আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু PWD শাখাৰ প্ৰাৰ্থীৰ বাবে ১ হাজাৰ ৫০০ টকাৰ পৰা ৫০০ টকালৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। ছাত্র-ছাত্রীসকলে এই মাহৰ ১৪ তাৰিখৰ পৰা ১৬ তাৰিখলৈ মাচুল দি প্ৰ-পত্র জমা দিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ ৮ তাৰিখে দেশৰ ১০২খন চহৰত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব।
Assamese | January 7, 2026 12:49 PM | NIFT Application
NIFT-ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে ২০২৬-২৭ বৰ্ষৰ আবেদন পত্র দাখিলৰ অন্তিম দিন বৃদ্ধি