উত্তৰ-পূব সীমান্ত ৰে’লৱেই ক্রীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ ২৪টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্রকাশ কৰিছে। এই নিযুক্তি লেবেল একৰ পৰা পঞ্চমলৈকে বিভিন্ন পদৰ বাবে হ’ব। পদসমূহৰ বাবে আবেদনৰ অন্তিম দিন ৯ জুন ধাৰ্য কৰা হৈছে। আগ্রহী প্রার্থীয়ে www.nfr.indianrailwasy.gov.in ৱেবছাইটযোগে আবেদন কৰিব পাৰিব। ভাৰোত্তোলন, গল্ফ, বক্সিং, চাইক্লিং, ক্রিকেট, বেডমিণ্টন, ফুটবল, টেবল টেনিচ আদি ক্রীড়া ক্ষেত্ৰৰ খেলুৱৈসকলে এই পদসমূহৰ বাবে অনলাইন প্রক্রিয়া সম্পূৰ্ণ কৰি আবেদন কৰিব পাৰিব।
Assamese | May 23, 2024 8:45 PM | nfr requitment
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ক্রীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ ২৪টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্রকাশ