উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীয়ে চলিত বৰ্ষৰ জুলাই মাহত এক কোটি ৬৩ লাখ টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত ৰে’ল আৰু ষ্টেচনসমূহত চলোৱা বিভিন্ন অভিযানৰ সময়ত নিষিদ্ধ চোৰাং সামগ্ৰি কঢ়িয়াই নিয়াত জড়িত থকাৰ অভিযোগত ২৪ জন লোকক ৰে’ল সুৰক্ষা বাহিনীয়ে কৰায়ত্ব কৰে। জব্দ কৰা সামগ্ৰীৰ সৈতে কৰায়ত্ব কৰা লোকসকলক পাছত প্ৰাসংগিক আইন অনুসাৰে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট আৰক্ষী থানাৰ হাতত অৰ্পণ কৰা হয় ৷
Assamese | August 5, 2024 12:34 PM | North east railway
এক কোটি ৬৩ লাখ টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ ৰে’ল সুৰক্ষা বাহিনীৰ