সংসদৰ নৱ-নিৰ্বাচিত সদস্যসকল নতুন দিল্লীত উপস্থিত হ’ব ধৰিছে। লোকসভা সচিবালয়ে নতুন সদস্যসকলক আদৰণি জনোৱাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকৰ বাধাৰহিত পঞ্জীয়ন সুনিশ্চিত কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সময় ৰাহি কৰা আৰু কাগজ বিহীন ডিজিটীয় প্রক্রিয়া প্রয়োগৰ উদ্দেশ্যে সংহত অনলাইন ছফটৱেৰৰ জৰিয়তে নৱ নিৰ্বাচিত সদস্যসকলৰ পঞ্জীয়ন সম্পন্ন কৰা হ’ব। একেদৰে নৱ নিৰ্বাচিত সদস্যসকলক এছ বি আই বেংক একাউণ্ট খোলা, স্থায়ী পৰিচয়পত্র, কেন্দ্ৰীয় চৰকাৰী স্বাস্থ্য কার্ড প্ৰদান কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সচিবালয়ে কৈছে যে আজিৰে পৰা ১৪ জুনলৈ সপ্তাহৰ সাতোটা দিনতে পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ এই প্রক্রিয়া মুকলি থাকিব ।
Assamese | June 6, 2024 8:55 PM | New member secretariat
নৱ-নিৰ্বাচিত নতুন সদস্যসকলক আদৰণি জনোৱাৰ বাবে লোকসভা সচিবালয়ৰ বিশেষ ব্যৱস্থা গ্ৰহণ