পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ সমীপৰ নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত সংঘটিত ৰেল দুৰ্ঘটনাৰ পাছত ৰেলপথছোৱাৰে কালি স্বাভাৱিক ৰেল চলাচল আৰম্ভ হৈছে। উত্তৰ পূৱ সীমান্ত ৰেলৱে প্ৰকাশ কৰা মতে, ৰেলপথছোৱাৰে নামনিমুৱা সেৱা কালি পুৱা চাৰে সাত বজাত পুনৰ আৰম্ভ কৰা হৈছে। অবধ আসাম এক্সপ্ৰেছ ৰেলগাড়ীখন এই পথছোৱাৰে প্ৰায় ১০ বাজি ৪২ মিনিটত পাৰ হৈ গৈছিল। ৰেলপথছোৱাৰে সোমবাৰে উজনিমুৱা সেৱা বাহাল কৰা হৈছিল । ইপিনে, এই ৰেল দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১০লৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ১০গৰাকী লোকৰ চিকিৎসা অব্যাহত আছে। ৰে’লৱে সুৰক্ষা বিভাগৰ মুখ্য আয়ুক্ত জনক কুমাৰ গাৰ্গে এই দুৰ্ঘটনাৰ বিধিগত তদন্ত আৰম্ভ কৰিছে।
Assamese | June 19, 2024 12:53 PM | New Jalpaiguri station
কালিৰে পৰা নিউ জলপাইগুৰি ষ্টেছনৰ ৰেলপথছোৱাৰে স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ