ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে দি অহা সমর্থনক বিশ্বজুৰি উদঙাই দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই উদ্দেশ্যে গঠন কৰা সৰ্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশ ভ্রমণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে নতুন দিল্লীৰ শূন্য সহনশীলতাৰ বাৰ্তাৰ বিষয়ে অৱগত কৰিছে। ডি এম কে সাংসদ কানিমুড়ি কৰুণানিধিৰ নেতৃত্বত প্ৰতিনিধি দলটো কালি গ্ৰীচত উপস্থিত হয়। শ্লোভেনিয়া আৰু ৰাছিয়া ভ্ৰমণ সমাপ্ত কৰি গ্ৰীচলৈ যোৱা দলটোৱে দেশখনৰ শীৰ্ষ বিষয়াসকলক সাক্ষাৎ কৰি সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ নব্য নীতিত আলোকপাত কৰে। প্রতিনিধি দলটোৱে কালি শ্লোভেনিয়াৰ নেচনেল এছেম্বলীত দেশখনৰ ৰাষ্ট্ৰীয় পৰিষদৰ অধ্যক্ষ মাৰ্ক লোট্ৰিকক সাক্ষাৎ কৰে। দলটোৱে অপাৰেচন সিন্দূৰৰ পাছৰ স্বাভাৱিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰায় ৷ তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে গোলকীয় শান্তিৰ প্ৰসাৰ আৰু সন্ত্রাসবাদক দ্ব্যর্থহীনভাৱে গৰিহণা দিয়াৰ বাবে শ্লোভেনিয়াৰ ভূমিকাৰ শলাগ লয়। প্রতিনিধি দলটোৱে শ্লোভেনিয়াৰ আন্তঃৰাষ্ট্ৰীয় সম্পর্ক সংস্থাৰ অধ্যক্ষ মাৰ্জন চেটিং আৰু সংস্থাটোৰ সদস্যসকলকো সাক্ষাৎ কৰে।
Assamese | May 28, 2025 10:34 AM | New Delhi’s message of zero tolerance against terrorism echoes around the world
সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে দি অহা সমর্থনক বিশ্বজুৰি উদঙাই দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত ভাৰতৰ