July 24, 2024 7:00 PM | nepal plane crash

printer

নেপালৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উৰণৰ সময়ত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ১৮জন লোকৰ মৃত্যু

নেপালত আজি কাঠমাণ্ডুৰ ত্ৰিভুৱন অন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উৰণৰ সময়ত সৌৰ্য্য এয়াৰলাইনছৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ১৮ জন লোকৰ মৃত্যু হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডাম্বৰ বাহাদুৰ বি কেই জনাইছে যে বিমান দুর্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ মৃতদেহসমূহ সমগ্ৰ অঞ্চলটোত সিঁচৰতি হৈ পৰে। যাত্ৰীসকলৰ এজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। সৌৰ্য্য এয়াৰলাইনছৰ বিমানখনে বিমান মেৰামতি কৰা কৰ্মচাৰীসকলক পোখৰালৈ কঢ়িয়াই লৈ গৈ আছিল। দুৰ্ঘটনাটোৰ পাছতেই দেশখনৰ গৃহমন্ত্ৰী ৰমেশ লেখক ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয় ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।