ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ চতুৰ্থ বৰ্ষপুর্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত আজিৰে পৰা ১১ আগষ্টলৈ শিক্ষা সপ্তাহৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে প্রতিদিনে একোটা বিশেষ বিষয়বস্তুৰ আধাৰত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি আজিৰ দিনটো শিক্ষণ-শিকন সামগ্ৰীৰ দিন, কাইলৈ এফ এল এন দিন, পৰহিলৈ ক্ৰীড়া দিন, ৮ আগষ্টত সাংস্কৃতিক দিন, ৯ আগষ্টত দক্ষতা আৰু ডিজিটেল পদক্ষেপ দিন, ১০ আগষ্টত বিদ্যালয় পৰিপুষ্টি দিন আৰু ১১ আগষ্টৰ দিনটো সম্প্রদায় জড়িতকৰণ দিন হিচাপে পালন কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ জৰিয়তে শিক্ষাক্ষেত্ৰলৈ অহা পৰিৱৰ্তন তথা সফলতাসমূহ এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিফলিত কৰিব বিচৰা হৈছে।
Assamese | August 5, 2024 12:24 PM | National Education Policy
ৰাজ্যত আজিৰে পৰা ১১ আগষ্টলৈ শিক্ষা সপ্তাহৰ আয়োজন