ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তিৰ নীট-ইউ জিৰ ফলাফল ঘোষণা কৰিছে। স্কোৰ কাৰ্ড পৰীক্ষাৰ আনুষ্ঠানিক ৱেবচাইট ntaneet.nic.in ত উপলব্ধ কৰোৱা হৈছে। প্ৰাৰ্থীসকলে এই ৱেবচাইটৰ জৰিয়তে নিজৰ স্কোৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু মেধাৰ তালিকা চাব পাৰিব। চাৰি মে‘ত দেশৰ ৫৫২ খন আৰু বিদেশত ১৪ খন চহৰৰ পাঁচ হাজাৰ ৪০০ ৰো অধিক কেন্দ্ৰত অনুষ্ঠিত এই পৰীক্ষাত ২২ লাখৰো অধিক শিক্ষার্থী অৱতীৰ্ণ হৈছিল। ৰাজস্থানৰ মহেশ কুমাৰে এই পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে। মধ্যপ্ৰদেশৰ উৎকৰ্ষ অৱধীয়াই দ্বিতীয় আৰু মহাৰাষ্ট্ৰৰ কৃষ্ণাংগ যোশীয়ে তৃতীয় স্থান অৰ্জন কৰিছে।
Assamese | June 14, 2025 8:36 PM | NEET
নীট-ইউ জিৰ ফলাফল ঘোষণা