বিজেপিয়ে নীট পৰীক্ষাত অনিয়ম হোৱা বুলি উঠা অভিযোগক লৈ চৰকাৰক আক্ৰমণ কৰাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত সুধাংশু ত্রিবেদীয়ে কয় যে, শ্রী গান্ধীয়ে বিষয়টো লৈ ৰাজনীতি কৰিছে আৰু লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে তেওঁৰ কোনো সম্পর্ক নাই। চৰকাৰ বিষয়টোলৈ সম্পূৰ্ণ সজাগ আৰু সচেতন বুলি উল্লেখ কৰি তেওঁ কয় যে, চৰকাৰে শিক্ষাৰ্থীসকলৰ সৈতে অন্যায় হ’বলৈ নিদিয়ে। এই ঘটনাৰ বাবে দোষীসকল বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিজেপি মুখপান্ত্ৰগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ পূৰ্বে নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত শ্ৰী গান্ধীয়ে নীট পৰীক্ষাত হোৱা অনিয়মৰ বাবে জগৰীয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। বিষয়টোক ৰাষ্ট্ৰীয় বিপর্যয় বুলি অভিহিত কৰি কংগ্ৰেছ নেতাগৰাকীয়ে ইয়াক লৈ চৰকাৰ কিয় মৌন বুলি প্ৰশ্ন উত্থাপন কৰে। ভাৰত জোৰো ন্যায় যাত্ৰাৰ সময়ত প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ভালেমান অভিযোগ লাভ কৰা বুলিও কেংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে।
Assamese | June 20, 2024 8:27 PM | Neet -ug Rahul Gandhi
নীট পৰীক্ষাত অনিয়মক লৈ চৰকাৰক কৰা আক্ৰমণৰ বাবে ৰাহুল গান্ধীক তীব্র সমালোচনা বিজেপিৰ