স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী এন চি চিয়ে আজি কটন বিশ্ববিদ্যালয়ত যুৱ অংশগ্ৰহণ প্রকল্প শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্রী নন্দিতা গাৰ্লোছা, এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্রধান সেনাবাহিনীৰ পদকপ্রাপ্ত মেজৰ জেনেৰেল গগনদীপকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত ৫০০ৰো অধিক এন চি চি সদস্যই অংশগ্ৰহণ কৰে। পৰিস্কাৰ- পৰিচ্ছন্নতাক লৈ একাংশ লোকৰ অভ্যাস নাইবা আচৰণগত পৰিৱৰ্তনৰ সংশোধন কৰাৰ বাবে স্বচ্ছ ভাৰত অভিযানৰ অধীনত এই সজাগতামূলক কাৰ্যসূচী লোৱা হৈছে।
Assamese | January 30, 2025 8:55 PM | NCC
কটন বিশ্ববিদ্যালয়ত যুৱ অংশগ্ৰহণ প্রকল্প শীৰ্ষক অনুষ্ঠানৰ আয়োজন