উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লনবল পেয়াৰ শিতানত আজি অসমৰ নয়নমণি শইকীয়া আৰু বনগীতা হাজৰিকাৰ যুটিয়ে স্বর্ণ পদক অৰ্জন কৰিছে। এই জয়ৰ সৈতে এইবাৰৰ ক্ৰীড়া সমাৰোহত অসমে এতিয়ালৈকে তিনিটা সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। ইয়াৰ লগতে পুৰুষৰ এশ মিটাৰ ফাইনেলত অম্লান বৰগোহাঁয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। একেদৰে টাইকোৱানডোৰ গ্ৰুপ পমচি শিতানত অসমৰ মৰ্ণিতা আচাৰ্য, বেনলা কেম্পৰায় আৰু পঞ্চমী দাসৰ দলটোৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
Assamese | February 8, 2025 8:38 PM | national games nayanmoni
ৰাষ্ট্ৰীয় ক্রীড়াত লনবল পেয়াৰ শিতানত নয়নমণি শইকীয়া আৰু বনগীতা হাজৰিকা যুটিৰ স্বর্ণ পদক