প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিশুসকলক স্বীকৃতি প্রদান সন্দৰ্ভত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ে জিলাসমূহৰ পৰা মনোনয়ন বিচাৰিছে। যোগ্যতাসম্পন্ন প্রার্থীসকলে awards/gov.in অনলাইন প’ৰ্টেলত অহা ৩১ জুলাইৰ ভিতৰত আবেদন কৰিব পাৰিব। আবেদনকাৰীয়ে আবেদনৰ প্ৰতিলিপি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। উল্লেখযোগ্য যে সাহসিকতা, ক্রীড়া, সমাজসেৱা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, পৰিৱেশ, কলা আৰু সংস্কৃতিৰ লগতে উদ্ভাৱনমূলক দিশত অৰিহণা যোগোৱা নিৰ্বাচিত শিশুসকলক নতুন দিল্লীত ৰাষ্ট্ৰপতিয়ে এই পুৰস্কাৰ প্ৰদান কৰিব ৷
Assamese | June 5, 2024 12:18 PM | National Children Award
অহা ৩১ জুলাইৰ ভিতৰত প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে আবেদন আহ্বান