July 25, 2026 12:52 PM | nalbari sports

printer

নলবাৰীত ৪৭সংখ্যক অসম আন্তঃজিলা এথলেটিক প্রতিযোগিতা

নলবাৰীত কালিৰেপৰা ৪৭ সংখ্যক অসম আন্তঃজিলা এথলেটিক প্রতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই অগ্নিশিখা প্রজ্বলন কৰি এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অসম এথলেটিক সংস্থাৰ সভাপতি তথা মন্ত্রী জয়ন্ত মল্লবৰুৱাই আদৰণি ভাষণ দিয়ে।

অসম এথলেটিক সংস্থাৰ উদ্যোগত আৰু নলবাৰী জিলা ক্রীড়া সন্থাৰ সহযোগত কাইলৈকে চলিবলগা এই প্ৰতিযোগিতাত বিভিন্ন জিলাৰ ১৪ৰো অধিক প্ৰতিযোগীয়ে অংশগ্রহণ কৰিছে।