ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১১ মে’ৰ দিনৰ ১১ বজাৰ পৰা নগাঁৱত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। নগাঁও ন্যায়িক আদালত ভৱনত আয়োজিত এই কাৰ্যসূচীত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰৰ উপৰি বেংক ঋণ আদি গোচৰো নিষ্পত্তি কৰা হ’ব। তদুপৰি টেলিফোন বিল, বিদ্যুৎ মাচুল আদি সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰো ব্যৱস্থা কৰা হ’ব। ৰাইজৰ সুবিধার্থে এই গোচৰ সমূহৰ আগতীয়া শুনানিৰ ব্যৱস্থা কৰা হৈছে।
Assamese | April 29, 2024 8:16 PM | NAGAON LOK ADALOT
নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ১১ মে’ত ৰাষ্ট্ৰীয় লোক আদালত