নগাঁৱত পথ দুৰ্ঘটনাৰ সমস্যা ৰোধ কৰিবলৈ ঘাইপথৰ দুৰ্ঘটনাপ্ৰৱণ অঞ্চলসমূহ পৰিদৰ্শন জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ

নগাঁও চহৰৰ দাঁতি-কাষৰীয়া অঞ্চলত সঘনে সংঘটিত পথ দুৰ্ঘটনাৰ সমস্যা ৰোধ কৰিবলৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে ঘাইপথৰ দুৰ্ঘটনাপ্ৰৱণ অঞ্চলসমূহ পৰিদৰ্শন কৰে।

দুৰ্ঘটনা ৰোধ কৰাৰ বাবে জিলা পথ সুৰক্ষা সমিতি, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি অহা পদক্ষেপৰ অংশ হিচাপে চলোৱা এই পৰিদৰ্শন কালত একাংশ লোকে পথৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা ক্ৰছিং আৰু ডিভাইডাৰ ভাঙি সৃষ্টি কৰা বাট আদি দৃষ্টিগোচৰ হয়। ইয়াৰ ফলত পথচাৰীৰ লগতে যাত্ৰীসকলৰ বাবে যাতায়াত বিপজ্জনক হৈ পৰিছে আৰু সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে পথৰ এই অবৈধ ক্ৰছিংসমূহ বন্ধ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে।