ধাৰাষাৰ বৰষুণৰ পাছত মুম্বাইত বতৰ স্বাভাৱিক অৱস্থালৈ অহাৰ পৰিপ্ৰেক্ষিতত আজি মুম্বাইবাসীয়ে সকাহ লাভ কৰিছে। মহানগৰীৰ দৈনন্দিন জীৱনযাত্ৰা পুনৰ স্বাভাৱিক হৈ পৰিছে। সেয়েহে মহানগৰৰ পৌৰ নিগম এলেকাৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ আগৰ দৰে খোলা আছে। মুম্বাইৰ পৌৰ নিগম কৰ্তৃপক্ষই অভিভাৱকসকলক শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ হোৱা সংক্রান্তীয় কোনোধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগত থাকিবলৈ আহ্বান জনাইছে। ইফালে মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত বৰষুণ অব্যাহত আছে। পুণে, ৰত্নাগিৰি, গাডচিৰ’লি, চন্দ্ৰপুৰ আৰু লাটুৰকে ধৰি বৰষুণৰ ফলত বিভিন্ন অঞ্চলত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। পুণে আৰু কাষৰীয়া ঠাইসমূহ মুষলধাৰ বৰষুণৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ৰাষ্ট্ৰীয় ঘাই পথত যাতায়তৰ সমস্যাৰ সৃষ্টি হৈছে। সাতাৰাত কইন্যা বান্ধ অঞ্চলত ধাৰাবাহিকভাৱে বৰষুণ হৈ আছে। জিলা আয়ুক্তই মহাবালেশ্বৰৰ সকলো পৰ্যটন স্থান বন্ধৰ নিৰ্দেশ দিছে। ৱাৰ্ণা আৰু কইন্যা নদীৰ পানী ছাংলি অঞ্চলৰ কৃষিভূমি সোমোৱাৰ ফলত দৈনন্দিন জীৱনযাত্ৰাত ব্যাঘ্যাত জন্মিছে।
Assamese | July 26, 2024 5:47 PM | Mumbai Rain
মুম্বাইত বতৰ স্বাভাৱিক অৱস্থালৈ অহাৰ পৰিপ্ৰেক্ষিতত মুম্বাইবাসীৰ সকাহ লাভ