মুম্বাইৰ সীমা শুল্ক বিভাগে মহানগৰীখনৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অভিযান চলাই ১০ কিলোগ্ৰামতকৈও অধিক পৰিমাণৰ সোণ জব্দ কৰিছে। বিমান বন্দৰটোৰ চাৰি ঠাইত সুকীয়াকৈ অভিযান চলাই ৮ কোটি ৪৭ লাখ টকা মূল্যৰ এই সোণখিনি জব্দ কৰাৰ লগতে অভিযানকাৰী দলটোৱে ৫ জন লোকক গ্ৰেপ্তাৰ কৰে। বিভাগীয় বিষয়াসকলে আজি জানিবলৈ দিয়া মতে গ্ৰেপ্তাৰ কৰা লোককেইজনৰ মাজত তিনিজন ব্যক্তিগত খণ্ডৰ বিমান বন্দৰৰ কৰ্মচাৰীও আছে। যোৱা ১৩ মাৰ্চৰ পৰা ১৫ মাৰ্চৰ ভিতৰত চলোৱা এই অভিযানৰ সময়ছোৱাত অভিযুক্ত লোককেইজনে পৰিধান কৰা কাপোৰৰ মাজৰ পৰা আৰু বিমান পৰা নমাই অনা আৱৰ্জনাৰ মাজৰ পৰা এই বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হয় বুলি তেওঁলোকে জানিবলৈ দিয়ে। এই সন্দৰ্ভত বিভাগীয় অনুসন্ধান এতিয়াও অব্যাহত আছে।
Assamese | March 17, 2025 5:38 PM | Mumbai
মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ১০ কিলোগ্ৰামতকৈও অধিক পৰিমাণৰ সোণ জব্দ