মুম্বাইৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আজি ১৫জনলৈ বৃদ্ধি পাইছে। বুধবাৰে সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত নিৰুদ্দেশ হৈ থকা এটি ৭ বছৰীয়া শিশুৰ মৃতদেহ আজি উদ্ধাৰ কৰা হয়। শিশুটিৰ মাতৃও এই দুৰ্ঘটনাত মৃত্যু হৈছিল। উল্লেখযোগ্য যে যোৱা বুধবাৰে মুম্বাইত নৌ সেনা বাহিনীৰ সামগ্ৰী কঢ়িওৱা এখন স্পীড বোটে এখন যাত্রীবাহী ফেৰীক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছিল। দুয়োখন নাৱত থকা ১১৩গৰাকী লোকৰ ৯৮গৰাকীক সেইদিনাই উদ্ধাৰ কৰা হৈছিল আৰু ১৩জন লোকে প্ৰাণ হেৰুৱাইছিল। দুৰ্ঘটনাৰ ফলত নিৰুদ্দেশ হৈ থকা দুজন ব্যক্তিৰ এজনৰ মৃতদেহ যোৱা বৃহস্পতিবাৰে উদ্ধাৰ কৰা হৈছিল।
Assamese | December 21, 2024 8:37 PM | Mumbai
মুম্বাইৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আজি ১৫জনলৈ বৃদ্ধি