মৰিগাঁও জিলা কাৰাগাৰৰ পৰা যোৱা ১১ অক্টোবৰৰ নিশা পলায়ন কৰা পাঁচজন কয়দীৰ অন্যতম জিয়াৰুল ইছলামক কালি অন্ধ্র প্রদেশত মৰিগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰে। মৰিগাঁও আৰক্ষীৰ এটা দলে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ চুল্লুৰুপেটা থানাৰ অন্তৰ্গত এটা গোপন স্থান অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ সহযোগত যৌথ অভিযান চলাই জিয়াৰুল ইছলামক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। মৰিগাঁও আৰক্ষীয়ে প্ৰকাশ কৰা মতে আটকাধীন জিয়াৰুলক আজি অন্ধ্ৰ প্ৰদেশৰ পৰা মৰিগাঁৱলৈ অনা হ’ব। লগতে জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা আন দুই কয়দী নুৰ ইছলাম আৰু মাফিদুল ইছলামকো সোনকালে কৰায়ত্ব কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে।
Assamese | November 4, 2024 12:53 PM | Marigoan
মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা জিয়াৰুল ইছলামক অন্ধ্র প্রদেশত কৰায়ত্ব