মৰিগাঁও জিলাৰ জাগীৰোডত স্থাপন হবলগীয়া টাটা গ্ৰুপৰ চেমিকনডাক্টৰ ইউনিটৰ অহা ৩ আগষ্টত ভূমি পূজন কৰা হব। জলসম্পদ মন্ত্রী পীয়ুষ হাজৰিকাই আজি এই সন্দৰ্ভত জনতা ভৱনত টাটা গ্রুপৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। ভূমি পূজন অনুষ্ঠানৰ কাৰ্যসূচী সন্দৰ্ভত সকলো দিশ সামৰি এই বৈঠকত আলোচনা কৰা হয়। উল্লেখযোগ্য যে প্রায় দুবছৰৰ ভিতৰত সম্পূৰ্ণ হবলগীয়া এই প্ৰকল্পত ১৫ ৰ পৰা ৩০ হাজাৰ লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিব।
Assamese | July 17, 2024 8:50 PM | morigaon tata group semi conductor
মৰিগাঁৱৰ জাগীৰোডত স্থাপন হ’বলগীয়া টাটা গ্ৰুপৰ ছেমিকনডাক্টৰ ইউনিটৰ অহা ৩ আগষ্টত ভূমিপূজন