ডিব্ৰুগড় জিলাৰ মৰাণৰ দুই নম্বৰ দিখাৰী গাঁৱত ভাদমহীয়া নাম-কীৰ্তনৰ মাহ-প্ৰসাদ খোৱাৰ পাছত বিষক্ৰিয়া হৈ শিশু-মহিলাসহ কমেও ৬৭ জন লোক অসুস্থ হৈ পৰিছে। অসুস্থসকলক মৰাণ তিলৈ সামুহিক স্বাস্থ্য কেন্দ্ৰ, খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু লেঙেৰী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে গুৰুতৰভাৱে অসুস্থ ২৪ গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কালি মন্ত্ৰী বিমল বৰাই চিকিৎসাধীন লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয়। ইপিনে, আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰি স্বাস্থ্য বিভাগে অঞ্চলটোৰ ঘৰে ঘৰে গৈ ঔষধ যোগান ধৰিছে। ডিব্ৰুগড় জিলা খাদ্য বিভাগৰ এটা তদন্তকাৰী দলে প্ৰসাদত কিদৰে বিষক্ৰিয়া হ‘বলৈ পালে সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে। দলটোৱে নামঘৰৰ প্ৰসাদ আৰু পানী সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ উপৰি যিকেইখন দোকানৰ পৰা বুট আৰু মগুমাহ ক্ৰয় কৰা হৈছিল সেই দোকান কেইখনৰ বুট-মাহৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে।
Assamese | August 26, 2025 12:47 PM | Moran
মৰাণত ভাদমহীয়া নাম-কীৰ্তনৰ মাহ-প্ৰসাদ খাই কমেও ৬৭ জন লোক অসুস্থ