কৃষি খণ্ডত শক্তিৰ উচিত প্রয়োগ সম্পৰ্কে দৰং জিলাৰ মঙলদৈত আজি এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। কৃষি আৰু ইয়াৰ সৈতে সংযুক্ত ক্ষেত্ৰত বিভিন্ন যন্ত্ৰচালনাৰ বাবে ব্যৱহৃত ইন্ধনৰ ফলত পাৰিপাৰ্শ্বিকতাৰ প্ৰতি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ দ্বাৰা বিকল্প শক্তিৰ উপযুক্ত ব্যৱহাৰ সম্পৰ্কে কৃষকসকলক সজাগ কৰাৰ উদ্দেশ্যে জিলাখনৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত এই কর্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত অধিক শস্য উৎপাদন আৰু জলবায়ুৰ সৈতে স্থিতিস্থাপকতা বৰ্তাই ৰাখি ইন্ধনৰ উচিত ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা হয় ৷
Assamese | June 10, 2024 6:58 PM | Mangldoi
কৃষি খণ্ডত শক্তিৰ উচিত প্রয়োগ সম্পৰ্কে মঙলদৈত আজি এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা