গুৱাহাটী উচ্চ ন্যায়ালয়ে পর্যটন নিগমৰ নিযুক্তি কেলেংকাৰীৰ গোচৰত প্ৰাক্তন সঞ্চালক মনালিছা গোস্বামীৰ অগ্রীম জামিন আবেদন দ্বিতীয়বাৰৰ বাবে নাকচ কৰিছে। পর্যটন নিগমৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ গোচৰক প্ৰত্যাহ্বান জনাই প্রাক্তন সঞ্চালকগৰাকীয়ে অগ্রীম জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, কিন্তু শুনানিৰ অন্তত ন্যায়াধীশ প্রাঞ্জল দাসৰ বিচাৰপীঠে অভিযুক্ত মনালিছা গোস্বামীৰ অগ্রীম জামিন আবেদনখন খাৰিজ কৰে। পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ইতিমধ্যে কেইবাজনো পর্যটন বিষয়াক গ্ৰেপ্তাৰ কৰিছে।
Assamese | November 27, 2025 8:04 PM | Monalisa goswami
প্ৰাক্তন সঞ্চালক মনালিছা গোস্বামীৰ অগ্রীম জামিন আবেদন দ্বিতীয়বাৰৰ বাবে নাকচ