ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ মুৰববী ডাঃ মোহন ভাগৱত আজি তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হ‘ব। বিয়লি আৰ এছ এছৰ মুৰবৰীগৰাকীয়ে বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা গৈ সুদর্শনালয়ত উপস্থিত হ‘ব। সংঘৰ শতবর্ষ পূর্ণ হোৱা উপলক্ষে ডাঃ ভাগবতে সাংগঠনিক বৈঠকত অংশগ্রহণ কৰাৰ লগতে কাইলৈ আৰু পৰহিলৈ সুদর্শনালয়ত বৌদ্ধিক মত বিনিময় কাৰ্যসূচীতো অংশগ্রহণ কৰিব। এই মত বিনিময় অনুষ্ঠানলৈ ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক, বুদ্ধিজীবী তথা কাকত-আলোচনীৰ সম্পাদক আৰু উদ্যোগপতিকো আমন্ত্রণ জনোৱা হৈছে। পৰহিলৈ তেওঁ কবি, সাহিত্যিক, সাংবাদিক আৰু উদ্যোগপতিৰ উপস্থিতিত এখন যুৱ সন্মিলনত বক্তৃতা প্রদান কৰিব। ২০ নৱেম্বৰত তেওঁ অসমৰ পৰা মণিপুৰ অভিমুখে ৰাওনা হ‘ব।
Assamese | November 17, 2025 1:17 PM | mohon bhgwat
তিনিদিনীয়া ভ্রমণসূচীৰে আজি ডাঃ মোহন ভাগৱত অসমত উপস্থিত হ’ব