নামনি অসমৰ ঠাই বিশেষে আজি মহোহো বা মহ খেদা উৎসৱ পালন কৰা হ’ব। আঘোণ মাহৰ পূর্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। এই উপলক্ষে গধূলি গাঁৱৰ চেমনীয়াসকলে হাতত লাঠি লৈ চোতালত ঘূৰি ঘূৰি বিভিন্ন প্রক্রিয়াৰে মহ খেদা গীত গাই গৃহস্থৰ কুশল-মংগল কামনা কৰে আৰু আশীৰ্বাদ দিয়ে। লোকবিশ্বাস মতে মহ খেদাৰ পাছত লাহে লাহে মহবোৰ কমি যায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মহোহো উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত সকলোৰে কুশল মংগল প্রার্থনা কৰিছে।
Assamese | December 4, 2025 1:02 PM | mah ho how
নামনি অসমৰ ঠাই বিশেষে আজি মহোহো বা মহ খেদা উৎসৱ পালন