সংসদৰ চলিত অধিৱেশনক ভাৰতৰ বিজয় উৎসৱ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত মন্তব্য কৰে। লোকসভাত আজি অপাৰেচন সিন্দূৰ সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই অধিবেশনে ভাৰতৰ বিজয়গাথাক গৌৰৱময় ৰূপত তুলি ধৰিছে। শ্রীমোদীয়ে এই বিজয় উৎসৱ সন্ত্ৰাসবাদৰ মূল ঘাটিক মষিমূৰ কৰাৰ উদযাপন বুলি অভিহিত কৰে। আজি লোকসভাত অপাৰেচন সিন্দূৰ সন্দৰ্ভত পুনৰ আলোচনাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীকে ধৰি কেইবাগৰাকীও নেতাই অংশ লৈ মন্তব্য আগবঢ়ায়।
Assamese | July 29, 2025 10:34 PM | modi pm ls
সংসদৰ চলিত অধিৱেশনক ভাৰতৰ বিজয় উৎসৱ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য