প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি চিচিলিৰ স্বাধীনতাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা শ্রীমোদী হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ পেৰেডত ভাৰতীয় নৌসেনা আৰু স্থলসেনাৰ দলে অংশ লয়।
চিচিলিৰ সৈতে থকা ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধুত্বৰ চিন স্বৰূপে ভিক্ট’ৰীয়া বন্দৰত আই এন এছ তাৰকশ আৰু আই এন এছ ঈকছাকক সাজু কৰি ৰখা হয় ৷
দেশখনৰ ৰাষ্ট্ৰপতি পেট্রিক হামিনীৰ আমন্ত্রণমৰ্মে প্ৰধানমন্ত্ৰী মোদী যোৱা শনিবাৰে চিচিলিলৈ যায়। কালিৰ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী ড০ নবীনচন্দ্ৰ ৰামগুলাম উপস্থিত থাকে।