মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ আবেদন গ্ৰহণৰ সময়সীমা অহা ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। এই পৰ্যায়ত অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে ডিজিটেল প্ৰক্ৰিয়াৰে বন্দবস্তি, মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা, পূৰ্বৰ গ্ৰাম্য কিন্তু পৰৱৰ্তীকালত নগৰাঞ্চল হিচাপে ঘোষিত এলেকাত দখলিস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্রদান, স্বমিত্ব আঁচনিৰ অধীনত জৰিপ নোহোৱা গাঁৱৰ ভূমি বন্দবস্তি আদি কাৰ্যসমূহ সম্পন্ন কৰা হ’ব। ইয়াৰ বাবে জনসাধাৰণে sewasetu.assam.gov.in প’ৰ্টেলৰ জৰিয়তে ল’গ ইন কৰি আধাৰ আৰু পেন কাৰ্ডৰ ই-কে ৱাই চি সম্পূৰ্ণ কৰি আবেদন কৰিব পাৰিব। জনসাধাৰণে লগতে নিকতৱৰ্তী ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ গৈও আবেদন কৰিব পাৰিব
Assamese | February 1, 2025 1:06 PM | misson basindhara
মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ আবেদনৰ সময়সীমা ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি