বেলফাষ্টত অনুষ্ঠিত টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত কালি আয়াৰলেণ্ডে ভাৰতক ১ ৰানত পৰাস্ত কৰি শৃংখলা দখল কৰে।
ঘৰুৱা দলটোৱে ভাৰতক জয়ৰ বাবে ১৫৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলটোৱে প্ৰথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৫৪ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫৩ ৰানহে কৰিবলৈ সমৰ্থ হয়।
দলৰ হৈ তিলক বাৰ্মাই সৰ্বাধিক ৫৫ ৰান কৰে। আয়াৰলেণ্ডৰ হৈ তিনিটা উইকেট লাভ কৰা জয় মুণ্ডাক প্লেয়াৰ অৱ দা মেচ আৰু প্লেয়াৰ অৱ দা ছিৰিজ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে প্ৰথমখন খেলত আয়াৰলেণ্ডে ভাৰতক ৩৪ ৰানত পৰাস্ত কৰিছিল।