ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হ’ব। ভাৰত সম্প্রতি শৃংখলাত ১-০ ফলাফলত আগবাঢ়ি আছে। ভাৰতে পৰহি একেটা স্থানত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱেক ৭ উইকেটত পৰাস্ত কৰে।
ভাৰতে বৈভৱ সূৰ্যবংশীৰ আকৰ্ষণীয় অর্ধশতকৰ সহায়ত ১৩ অভাৰ আৰু দুটা বলত অনায়াসে ১২৬ ৰাণৰ বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে জিম্বাবৱেই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত সাতটা উইকেট হেৰুৱাই ১২৫ ৰাণ সংগ্ৰহ কৰে। কাইলৈ শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ’ব।