সদৌ অসম ক্রীড়া সাংবাদিক সন্থাই আয়োজন কৰা আন্তঃ সংবাদ প্রতিষ্ঠান ক্রীড়া সমাৰোহৰ আজি সামৰণি পৰে। আজি অন্তিম দিনা বঁটা বিতৰণী অনুষ্ঠানত বি চি চি আইৰ ভাৰপ্ৰাপ্ত সাধাৰণ সচিব দেৱজিৎ শইকীয়া, ক্রীড়া সঞ্চালক প্রদীপ টিমুং, অসম ক্রীড়া প্ৰাধীকৰণৰ উপাধ্যক্ষ লক্ষ্য কোঁৱৰ, জ্যেষ্ঠ সাংবাদিক সুবোধ মল্লবৰুৱা, পৱিত্ৰ গগৈ, সুশীম ঘোষৰ উপৰি আন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ অনুষ্ঠানতে সন্থাই আয়োজন কৰা বেডমিণ্টন, ফুটবল, ক্রিকেট, টেবুলটেনিছ আৰু দবা প্রতিযোগতাৰ বিভিন্ন শাখাত বিজয়ী প্ৰতিযোগী আৰু সংবাদ গোষ্ঠীক বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে এইবাৰ বেডমিণ্টনৰ দলীয় শাখাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মানস প্ৰতীম শৰ্মা আৰু মনদীপ মহন্ত চূড়ান্ত বিজয়ী হৈছে। একেদৰে টেবুল টেনিছৰ মহিলা শাখাত আকাশবাণীৰ পল্লবীকা বৰুৱাই একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ অৰ্জন কৰে ।
Assamese | December 21, 2024 7:24 PM | media sports
সদৌ অসম ক্রীড়া সাংবাদিক সন্থাই আয়োজন কৰা আন্তঃ সংবাদ প্রতিষ্ঠান ক্রীড়া সমাৰোহৰ সামৰণি