মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সাৱিত্ৰী ঠাকুৰে আজি দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলাত উপস্থিত হৈ জিলাখনত মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা চৰকাৰী আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্য চৰকাৰৰ মহিলা শিশু উন্নয়ন আৰু বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগ তথা অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সহযোগিতাৰে ধবজাবাহী আঁচনিসমূহ তৃণমূল পৰ্যায়ৰ পৰা ৰূপায়ণৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে। তেওঁ লগতে আঁচনিসমূহে গ্ৰামাঞ্চলৰ দুখীয়া পৰিয়ালক বিশেষভাৱে উপকৃত কৰিছে বুলি মন্তব্য কৰে।
Assamese | August 22, 2024 7:04 PM | Marigaon
দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁওত উপস্থিত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সাৱিত্ৰী ঠাকুৰ