মৰিগাওঁ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত উদ্যানশস্যৰ নাৰ্ছাৰী ব্যৱস্থাপনা আৰু মৌমাখিৰ বৈজ্ঞানিক পালন শীৰ্ষক প্ৰশিক্ষণৰ আজি সামৰণি পৰে। মৰিগাওঁ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত ১৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই প্রশিক্ষণ কাৰ্যসূচীত জিলাখনৰ কেইবাগৰাকীও উদ্যমী কৃষকে অংশগ্ৰহণ কৰে। জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ নৱদীপ শইকীয়াই পৰিচালনা কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত কেইবাগৰাকীও কৃষি বিজ্ঞানীয়ে অংশ লয়। প্ৰশিক্ষণৰ অংশ হিচাপে মৌপালকসকলক ক্ষেত্রভিত্তিক অধ্যয়নৰ বাবে সদৌ অসম মৌ পালক সন্থাৰ যুটীয়া সম্পাদক অৰুণ মিত্ৰৰ মৌ মাখি ফাৰ্মত প্ৰশিক্ষণ দিয়া হয়।
Assamese | February 21, 2025 7:30 PM | Marigoan
মৰিগাওঁ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত মৌমাখিৰ বৈজ্ঞানিক পালন শীৰ্ষক প্ৰশিক্ষণৰ সামৰণি