মৰিগাঁও জিলাৰ টোপাতলীত থকা কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ এৰী মৌলিক বীজ ফাৰ্মত আজি এৰী কৃষি বিজ্ঞান অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ এই কৃষি মেলাত মন্ত্ৰী পীযূষ হাজৰিকা উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে গছপুলি ৰোপণৰ লগতে এৰী-মূগাৰ প্ৰদৰ্শনী মুকলি কৰে। তেঁও এৰী, পলু প্ৰতিপালনৰ খাদ্য বৃক্ষ প্ৰস্তুতৰ কৃষি প্ৰণালী নামৰ এখন হাতপুথি উন্মোচন কৰি এৰী উৎপাদনেৰে স্বাৱলম্বী হোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪ গৰাকী কৃষকক পুৰস্কাৰ প্ৰদান কৰি এৰী পালকসকলৰ সৈতে মত বিনিময় কৰে।
Assamese | January 27, 2025 7:12 PM | Marigoan
মৰিগাঁও জিলাৰ টোপাতলীত এৰী কৃষি বিজ্ঞান অনুষ্ঠিত