প্রবীণ অভিনেতা আৰু পৰিচালক মনোজ কুমাৰৰ আজি পুৱা মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৭ বছৰ। বলিউদৰ কিংবদন্তি অভিনেতাগৰাকী তেওঁৰ দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ বাবে ভাৰত কুমাৰ নামেৰে জনাজাত আছিল। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী আৰু দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে।
প্ৰয়াত কুমাৰে বলিউদত দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ এটা নতুন ধাৰা সৃষ্টি কৰিছিল আৰু উপকাৰ, পূৰৱ ঔৰ পশ্চিম আৰু ক্ৰান্তিৰ লেখীয়া কালজয়ী কথাছবিৰে দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হৈছিল। অভিনেতাগৰাকীৰ আন চলচ্চিত্ৰসমূহৰ ভিতৰত পথৰ কে চনম, চৌৰ, সন্ন্যাসী আৰু ৰ’টি, কপড়া ঔৰ মকান অন্যতম।
Assamese | April 4, 2025 12:20 PM | Manoj Kumar
প্রবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান