ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকেৰক পেৰিছ অলিম্পিকত দেখুওৱা উৎকৃষ্ট প্রদৰ্শনৰ বাবে বিবিচি ইণ্ডিয়ানছ স্পৰ্টছ ওমেন অৱ দা ইয়াৰ হিচাপে ঘোষণা কৰা হৈছে। এই বঁটাৰ বাবে মনোনীত আন চাৰিগৰাকী খেলুৱৈৰ ভিতৰত গল্ফ খেলুৱৈ অদিতি আশোক, পেৰাচাৰ অৱনী লেখাৰা, ভাৰতীয় মহিলা ক্রিকেট দলৰ উপ-অধিনায়ক স্মৃতি মন্ধনা আৰু মল্লযোদ্ধা ভিনেশ ফোগাট আছিল। ক্রীড়া সাংবাদিক আৰু লেখকৰ জুৰীয়ে মনোনীত খেলুৱৈসকলৰ মাজৰ পৰা ভাকেৰক এই বঁটাৰ বাবে নিৰ্বাচিত কৰে। ২২ বছৰীয়া মনুৱে পেৰিছ অলিম্পিকত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি স্বাধীনতাৰ পাছত এই প্ৰতিযোগিতাত এটাতকৈ বেছি পদক অর্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়। মনুৱে ১০ মিটাৰ এয়াৰ পিষ্টল শিতানৰ ব্যক্তিগত শাখাত আৰু ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড দলীয়া শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।
Assamese | February 18, 2025 12:12 PM | Manu Bhaker
মনু ভাকেৰক বিবিচি ইণ্ডিয়ানছ স্পৰ্টছ ওমেন অৱ দা ইয়াৰ হিচাপে ঘোষণা