কালি ফলাফল ঘোষণা কৰা দেশৰ শেহতীয়া লোকসভা নিৰ্বাচনত অৰুণাচল প্ৰদেশৰ অৰুণাচল পূব সমষ্টিত বিজেপিৰ টাপিৰ গাঁও আৰু অৰুণাচল পশ্চিম সমষ্টিত কেন্দ্রীয় মন্ত্রী তথা বিজেপি নেতা কিৰেণ ৰিজিজু বিজয়ী হৈছে। মিজোৰাম সমষ্টিত জোৰাম পিপলছ মুভমেন্ট দলৰ প্ৰাৰ্থী ৰিচাৰ্ড ভানলালমাংগাইহাই জয়লাভ কৰে। মেঘালয়ৰ শ্বিলং সমষ্টিত ভইছ অফ পিপলছ পাৰ্টীৰ ৰিকি ছিংকন আৰু তুৰা সমষ্টিত কংগ্ৰেছ দলৰ ছালেং এ ছাংমা জয়ী হৈছে। ত্ৰিপুৰা পূব সমষ্টিত বিজেপিৰ কীৰ্তি দেৱী দেৱবৰ্মন আৰু ত্ৰিপুৰা ৱেষ্ট সমষ্টিত বিপ্লৱ কুমাৰ দেৱে জয়লাভ কৰে । আনহাতে, মণিপুৰৰ ইনাৰ মণিপুৰ সমষ্টিত কংগ্ৰেছ প্রার্থী অংগমচা বিমল আকিজামে আৰু আউটাৰ মণিপুৰ সমষ্টিত কংগ্ৰেছৰে আলফ্ৰেড কাংগাম এছ আৰ্থৰতাই বিজয় সাব্যস্ত কৰে। ইপিনে, নাগালেণ্ডৰ একমাত্ৰ আসনখনত কংগ্ৰেছ প্রার্থী এছ সুফোংমেৰেণ জমিৰে ৰাজ্যখনৰ শাসকীয় দল এন ডি পি পিৰ প্ৰাৰ্থী ডº সুম্বেন মুৰীক ৫০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰে ।
Assamese | June 5, 2024 12:35 PM | Manipur election result
লোকসভা নিৰ্বাচনত মণিপুৰত কংগ্ৰেছৰ দুখন আসন লাভ