মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী চান্দেল জিলাৰ খেনজয় মহকুমাৰ নিউ চোমতাল গাঁৱত অসম ৰাইফলছৰ জোৱানৰ সৈতে হোৱা সংঘৰ্ষত কমেও ১০ জন সন্দেহযুক্ত উগ্রপন্থী গোটৰ সদস্য নিহত হয়। সেনাৰ ইষ্টাৰ্ন কমাণ্ডে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰা অনুসৰি চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত জোৱানসকলে এই অঞ্চলটোত অভিযান চলোৱাৰ সময়তে সন্দেহযুক্ত গোটটোৰ সদস্যসকলে সেনা-জোৱানসকলক উদ্দেশ্যি গুলীচালনা কৰে। প্ৰত্যুত্তৰত সেনাৰ গুলীচালনাত ১০ জন সদস্যৰ মৃত্যু হয়। অঞ্চলটোৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰা হয়। অসম ৰাইফলছৰ সূত্ৰই প্ৰকাশ কৰা মতে, এই অভিযানৰ ইতিমধ্যে অন্ত পৰিছে আৰু মৃতদেহকেইটা চিনাক্তকৰণৰ বাবে ৰখা হৈছে। অভিযানত নিৰাপত্তা বাহিনীৰ কোনো জোৱান হতাহত হোৱা নাই বুলি সূত্ৰটোত প্ৰকাশ পাইছে।
Assamese | May 15, 2025 8:41 PM | manipur chandel death 10
মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী চান্দেল জিলাত অসম ৰাইফলছৰ জোৱানৰে হোৱা সংঘৰ্ষত সন্দেহযুক্ত উগ্রপন্থী গোটৰ ১০জন সদস্য নিহত