ৰাজ্যসভাই ১৩ আগষ্টৰ পৰা প্ৰয়োজ্য হোৱাকৈ মণিপুৰত আৰু ছমাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধি কৰাৰ বিধি সন্মত প্ৰস্তাৱ মৌখিক ভোটত গ্ৰহণ কৰে। পৰিস্থিতি উন্নত নোহোৱাত উপ সভাপতিয়ে সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰাখে। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত বিৰোধী দলসমূহে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ আলোচনাৰ দাবী কৰে। বিৰোধী সাংসদসকলে সদনৰ মজিয়া চি আই এছ এফৰ জোৱান নিয়োগক লৈয়ো প্ৰশ্ন উত্থাপন কৰে। ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, যে তেওঁ বিৰোধী দলসমূহৰ হৈ উপ-সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ বিৰোধীৰ প্ৰতিবাদৰ সময়ত চি আই এছ এফৰ উপস্থিতিকলৈও প্ৰশ্ন কৰে। প্ৰত্যুত্তৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, যে সদনৰ ভিতৰত কেৱল মাৰ্ছেলেহে প্ৰৱেশ কৰিব পাৰিব বুলি সদন পৰিচালনাৰ নিয়মাৱলীত স্পষ্টকৈ উল্লেখ আছে। তেওঁ সদনক মিছা কথাৰে বিপথে পৰিচালিত কৰা বুলি খাৰ্গেৰ বিৰুদ্ধে অভিযোগ কৰে। উপ-সভাপতি হৰিবংশে সদনত অব্যাহত থকা অবাঞ্চনীয় পৰিৱেশ সন্দৰ্ভত কয়, যে একাংশ সাংসদে সম্পূৰ্ণ পৰিকল্পিতভাৱে সদনৰ কামকাজ বাধাগ্ৰস্ত কৰি আহিছে। বিৰোধীৰ প্ৰতিবাদ চলি থকাৰ পৰিপ্ৰেক্ষিতত উপসভাপতিয়ে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ দুই বজালৈকে স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
Assamese | August 5, 2025 8:29 PM | Manipur president rule
ৰাজ্যসভাই ১৩ আগষ্টৰ পৰা প্ৰয়োজ্য হোৱাকৈ মণিপুৰত আৰু ছমাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধি কৰাৰ প্ৰস্তাৱ মৌখিক ভোটত গ্ৰহণ