অসম দক্ষতা বিশ্ববিদ্যালয়ৰ মঙলদৈত নিৰ্মীয়মাণ দক্ষতা বিশ্ববিদ্যালয় চৌহদক এবাৰ ব্যৱহাৰ্য প্লাষ্টিকমুক্ত চৌহদ হিচাপে ঘোষণা কৰা হৈছে। পৰিৱেশ বহন ক্ষমতাৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে এই ঘোষণা কার্যকৰী কৰা হ’ব। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য সুভাষ চন্দ্ৰ দাসে এই বিষয়ে সদৰী কৰি কয়, যে দেশৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজ্যিক দক্ষতা বিশ্ববিদ্যালয় হিচাপে প্লাষ্টিক প্ৰদূষণৰ সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত এই দৃষ্টান্তমূলক পদক্ষেপ লোৱা হৈছে। আজিৰ অনুষ্ঠানতে বিশ্ববিদ্যালয়খনে পেণ্টাপলিচ ফাউণ্ডেচন, দূৰ সংযোগ খণ্ডৰ দক্ষতা পৰিষদ আৰু বালিপাৰা ফাউণ্ডেচনৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে।
Assamese | June 5, 2025 9:34 PM | mangaldoi assam skill university
মঙলদৈত নিৰ্মীয়মাণ দক্ষতা বিশ্ববিদ্যালয় চৌহদক এবাৰ ব্যৱহাৰ্য প্লাষ্টিকমুক্ত চৌহদ হিচাপে ঘোষণা