ৰাজ্যখনৰ এগৰাকী বিশিষ্ট চিত্রশিল্পী মনেশ্বৰ ব্ৰহ্মৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৭ বছৰ। শান্তি নিকেতনত চিত্ৰকলাৰ শিক্ষা লাভ কৰা ব্ৰহ্মই ললিত কলা একাডেমী বঁটা, কৰ্ণাটকম চিত্রকলা পৰিষদ বঁটাকে ধৰি ভালেমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত হৈছিল। আজি প্ৰাতঃভ্ৰমণ কৰি থকা অৱস্থাত তেওঁ ঢলি পৰে আৰু হাস্পতাললৈ নিয়াৰ পথত শেষ নিশ্বাস ত্যাগ কৰে। দেশ-বিদেশৰ বিভিন্ন স্থানত চিত্র প্রদর্শনী অনুষ্ঠিত হোৱা শিল্পীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিতকলা শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
Assamese | November 22, 2024 6:52 PM | Maneshar barhma
বিশিষ্ট চিত্রশিল্পী মনেশ্বৰ ব্ৰহ্মৰ দেহাৱসান